সুৰাসক্ত জুবিন অনুৰাগীৰ নিশা জুবিন ক্ষেত্ৰত উদ্ভাণ্ডালি
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সুৰাসক্ত জুবিন অনুৰাগীৰ নিশা জুবিন ক্ষেত্ৰত উদ্ভাণ্ডালি। প্ৰাণৰ শিল্পী গৰাকীৰ সমাধিস্থলীত আহি সামান্যতম সন্মানোযেন প্ৰকাশ কৰিবলৈ অপাৰগ একাংশ উদণ্ড অনুৰাগীৰ। নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ উদণ্ড অনুৰাগীৰ। আ
সুৰাসক্ত জুবিন অনুৰাগীৰ নিশা জুবিন ক্ষেত্ৰত উদ্ভাণ্ডালি


সুৰাসক্ত জুবিন অনুৰাগীৰ নিশা জুবিন ক্ষেত্ৰত উদ্ভাণ্ডালি


গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সুৰাসক্ত জুবিন অনুৰাগীৰ নিশা জুবিন ক্ষেত্ৰত উদ্ভাণ্ডালি। প্ৰাণৰ শিল্পী গৰাকীৰ সমাধিস্থলীত আহি সামান্যতম সন্মানোযেন প্ৰকাশ কৰিবলৈ অপাৰগ একাংশ উদণ্ড অনুৰাগীৰ।

নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ উদণ্ড অনুৰাগীৰ। আহত হ'ল বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান।

আনহাতে যুৱতী আৰক্ষী কনিষ্টবল আৰু কৰ্তব্যৰত যানবাহন আৰক্ষীকো অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অৱশেষত সোণাপুৰ আৰক্ষীৰ জালত পৰিল উদ্ভাণ্ডালি কৰা তিনি যুৱক।

যুৱক তিনিজন দক্ষিণ শালমৰাৰ আলম আলি(২৬), বামুন্দীৰ মুকুট দাস(৩৭) আৰু ৰঞ্জন দাস( ৩২) বুলি জানিব পৰা গৈছে।

ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande