শিৱসাগৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ,দুজনক আটক
শিৱসাগৰ, ২৩ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰত হাতেৰে নিৰ্মিত মাৰণাস্ত্ৰ উদ্ধাৰ। গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে এটা খালী মেগাজিন সহ হাতেৰে নিৰ্মিত পিষ্টলটো জব্দ কৰে । আমগুৰিৰ পৰা শিৱসাগৰ অভিমুখে দুজন লোকে ডিএল ৩ চিবিডি ৭২০৮ নম্বৰৰ এখন ফৰ্চুনাৰ বাহন
শিৱসাগৰত হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ,দুজনক আটক


শিৱসাগৰ, ২৩ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰত হাতেৰে নিৰ্মিত মাৰণাস্ত্ৰ উদ্ধাৰ। গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে এটা খালী মেগাজিন সহ হাতেৰে নিৰ্মিত পিষ্টলটো জব্দ কৰে । আমগুৰিৰ পৰা শিৱসাগৰ অভিমুখে দুজন লোকে ডিএল ৩ চিবিডি ৭২০৮ নম্বৰৰ এখন ফৰ্চুনাৰ বাহনত মাৰণাস্ত্ৰটো কঢ়িয়াই আনিছিল ।

বাহন খন আৰু মাৰণাস্ত্ৰৰ সৈতে দুটাকৈ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে গোপন সূত্ৰে খবৰ লাভ কৰি শিৱসাগৰ নগৰৰ এএছটিচি তিনিআলিত মাৰণাস্ত্ৰ সহ ব্যক্তি দুজনক আটক কৰে। আটকাধীন ব্যক্তি দুজনক আৰক্ষীয়ে যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী থানাৰ অন্তৰ্গত পদুমনি জাপি সজীয়াৰ পল্লৱ শইকীয়া ওৰফে মুন আৰু আন জনক যোৰহাটৰ ভৰত শইকীয়া বুলি চিনাক্ত কৰিছে।

আটকাধীন পল্লৱ শইকীয়া ওৰফে মুন ভাৰতীয় সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত জোৱান। পল্লৱ শইকীয়া ওৰফে মুন পূৰ্বতেও গাহৰি চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande