
শিৱসাগৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰ আৰক্ষীয়ে ডেম্পত অভিযান চলাই বৃহৎ সংখ্যক চুৰি সামগ্ৰী উদ্ধাৰ কৰে । শিৱসাগৰৰ এটি ৰোডত অৱস্থিত এটা ডেম্পত আৰক্ষীয়ে অভিযান চলাই ডেম্পটোৰ পৰা জব্দ কৰে বৃহৎ সংখ্যক চুৰি সামগ্ৰী।
উল্লেখযোগ্য যে ঔম প্ৰকাশ মাহাতু নামৰ ব্যক্তিজনৰ ডেম্পত এই চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ডেম্পটোৰ পৰা বৃহৎ সংখ্যক কাঁহ পিতলৰ সামগ্ৰী, অক্সিজেন চিলিণ্ডাৰ, মন্দিৰৰ সামগ্ৰী জব্দ কৰে। লগতে আৰক্ষীয়ে নগদ একলাখ টকাও জব্দ কৰে। জয়সাগৰ অঞ্চলৰ লোহা চুৰিৰ ঘটনাৰ পম খেদি আৰক্ষীয়ে ঔম প্ৰকাশ মাহাতু নামৰ ব্যক্তিজনৰ ডেম্পত অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ সংখ্যক চুৰি সামগ্ৰী। এই সন্দৰ্ভত তিনিজন ব্যক্তিক আটক কৰা হৈছে। আৰক্ষীয়ে ঔম প্ৰকাশ আৰু সন্তোষ মাহাতু নামৰ ব্যক্তিজনক আটক কৰাৰ লগতে ৰেকিব হুছেইন নামৰ চুৰিকাণ্ড সংঘটিত কৰা যুৱক এজনকো আটক কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ