
দৰং, ২৩ ফেব্ৰুৱাৰী (হি.স.): আগন্তুক বিধানসভা নিৰ্বাচনত ৫১নং দলগাঁও সমষ্টি মিত্ৰজোটক এৰি দিলে ভোট বৰ্জন কৰিব কংগ্ৰেছে । যোৱা কালি দেওবাৰে বিয়লি খাৰুপেটীয়াত আয়োজিত এক সংবাদ মেলত এই ঘোষণা কৰিলে কংগ্ৰেছৰ নেতৃবৃন্দই ।
সংবাদ মেলত দলগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি হাফিজুৰ ৰহমান, এনএছইউআইৰ অসমৰ সাধাৰণ সম্পাদক জিল্লুল হক চৌধুৰীয়ে এই হুংকাৰ দিয়ে । কংগ্ৰেছৰ নেতৃবৃন্দই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে দলগাঁৱত অখিল গগৈৰ নেতৃত্বধীন ৰাইজৰ দলৰ কোনো গণভিত্তি নাই । ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰত্যাশী আজিজুৰ ৰহমানক কোনেও ভোট নিদিয়ে।দলগাঁৱত ৰাইজৰ দলক এৰি দিলে কংগ্ৰেছে ভোট বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে। ৫১ নং দলগাঁও সমষ্টিত কংগ্ৰেছৰ আসনখন সুনিশ্চিত কৰি ৰাখিবলৈ কংগ্ৰেছৰ সমূহ নেতৃবৃন্দ আৰু কৰ্মী সমৰ্থক সকলে তীব্ৰ দাবী উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ