
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুল ৰয়ৰ বিয়োগত শোক প্রকাশ কৰে ৷ মোদীয়ে কয় যে মুকুল ৰয়ক ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজসেৱাৰ প্ৰচেষ্টাৰ বাবে স্মৰণীয় হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-পোষ্টত কয় যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজসেৱাৰ প্ৰচেষ্টাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। তেখেতৰ পৰিয়াল আৰু সমৰ্থকলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। উল্লেখযোগ্য যে আজি পুৱা কলকাতাৰ এখন চিকিৎসালয়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ মুকুল ৰয়ৰ মৃত্যু হয়। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া