
কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ১৩ মাৰ্চত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত অনুষ্ঠিত হবলগীয়া এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷উক্ত জনসভাতে কোকৰাঝাৰ-গেলেফু সংয়োগী ৰেল পথ নিৰ্মাণৰ শিলান্যাসৰ লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভনি আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিৱ ড° ৰবি কোটা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সহ আৰক্ষীৰ শীৰ্ষ বিষয়া ৷ আনহাতে গ্ৰীণ ফিল্ডৰ লগতে গ্ৰীণ ফিল্ডতে থকা হেলিপেড পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব ড° ৰবি কোটাই বিটিচি সচিবালয়ত প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণক লৈ বিটিচি সচিবালয়ৰ কতৃপক্ষ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰে এক বৈঠকত মিলিত হয় ৷উল্লেখ্য যে ১৩ মাৰ্চৰ বিশাল জনসভাত ডেৰৰ পৰা দুই লোক সমেবেত হব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ