বংগবাসীলৈ মোডীৰ পত্ৰ, পুনৰ দোহাৰিলে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি দায়বদ্ধতা
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ জনসাধাৰণলৈ মুকলি পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ জনসাধাৰণলৈ মুকলি পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে অনাগত মাহত পশ্চিম বংগৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা হ’ব আৰু এই সিদ্ধান্ত জনসাধাৰণৰ জ্ঞাত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

প্ৰধানমন্ত্ৰীয়ে জয় মা কালী উচ্চাৰণেৰে চিঠিৰ আৰম্ভণিতে পশ্চিম বংগৰ নাগৰিকসকলক সম্বোধন কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ প্ৰতিজন যুৱক, বৃদ্ধ আৰু মহিলাই উন্নত ভৱিষ্যতৰ আকাংক্ষা কৰে, আৰু তেওঁলোকৰ দুখ-কষ্টই তেওঁক যন্ত্ৰণা দিয়ে। এই মনোভাৱেৰে তেওঁ পশ্চিম বংগক “উন্নত” আৰু “সমৃদ্ধিশালী” কৰাৰ প্ৰতিশ্ৰুতিৰ আহ্বান জনায়।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে শেহতীয়া বছৰবোৰত দৰিদ্ৰ, কৃষক, যুৱক-যুৱতী, মহিলাৰ সৱলীকৰণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ অসহযোগ আৰু বিৰোধিতা সত্ত্বেও পশ্চিম বংগৰ পাঁচ কোটি লোকক জন ধন যোজনাৰ জৰিয়তে বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৮৫ লাখ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীক ২.৮২ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে। উজ্জ্বলা যোজনাৰ জৰিয়তে এক কোটিৰো অধিক পৰিয়ালক ৰন্ধন গেছৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত মাতৃ-ভগ্নীসকলক ধোঁৱাৰ পৰা মুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখ লোকে পঞ্জীয়ন কৰিছে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহৎ সংখ্যক পৰিয়ালে স্থায়ী ঘৰ লাভ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে কিষাণ সন্মান নিধিৰ জৰিয়তে ৫২ লাখ কৃষকক প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, যিয়ে তেওঁলোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিছে।

পত্ৰখনত মোদীয়ে পশ্চিম বংগৰ ঐতিহাসিক আৰু সাংস্কৃতিক গৌৰৱৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে স্বাধীনতা আন্দোলনত ৰাজ্যখনে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল আৰু দেশৰ অৰ্থনীতিৰ দিশ গঢ় দিয়াত এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। কিন্তু শেহতীয়া দশকবোৰত দুৰ্শাসন আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে ৰাজ্যখনে ক্ষতিগ্ৰস্ত হৈছে। তেওঁ অভিযোগ কৰে যে কৰ্মসংস্থাপনৰ অভাৱৰ বাবে যুৱক-যুৱতীসকলে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে, আৰু মহিলাসকলৰ সুৰক্ষাৰ প্ৰতিও চিন্তা আছে।

বংগৰ মহান ব্যক্তিত্বক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰা বংগ আজি সংকীৰ্ণ ৰাজনীতি আৰু হিংসাৰ কবলত থকা যেন লাগে। ৰাজ্যৰ পবিত্ৰ ভূমিত অবৈধ অনুপ্ৰৱেশ আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত সমগ্ৰ দেশতে উদ্বেগজনক পৰিৱেশৰ সৃষ্টি হৈছে।

তেওঁ কয় যে পৰিৱৰ্তন এতিয়া অতি প্ৰয়োজনীয় আৰু দেশৰ আন ৰাজ্যৰ দৰে পশ্চিম বংগতো উন্নয়ন, কৰ্মসংস্থাপন, উন্নত স্বাস্থ্যসেৱা, আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। তেওঁ দাবী কৰে যে ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ অধীনত স্বাস্থ্য সুৰক্ষা আৰু অন্যান্য আঁচনিৰ জৰিয়তে সামাজিক সুৰক্ষা শক্তিশালী কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ জনসাধাৰণক উন্নয়ন যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজ্যখনক নতুন দিশ দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে এনে এক সুযোগ আছে য’ত ভয়মুক্ত পৰিৱেশ, দুৰ্নীতিৰ পৰা মুক্তি, নতুন কৰ্মসংস্থাপনৰ সুযোগ নিশ্চিত কৰিব পৰা যায়।

পত্ৰখনৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সামূহিক প্ৰচেষ্টা অপৰিহাৰ্য বুলি জোৰ দি ২০২৬ চনৰ ভিতৰত উন্নত পশ্চিম বংগৰ আহ্বান জনায়। তেওঁ আস্থা প্ৰকাশ কৰে যে জনসাধাৰণৰ সমৰ্থনত পশ্চিম বংগে পুনৰবাৰ দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত নিজকে প্ৰতিষ্ঠা কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande