৭৩ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে অৱসৰী শিক্ষকে
যোৰহাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ''ব যে নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে যোৰহাট জিলাৰ কাকজান বাম কুকুৰা চৰা নিবাসী তথা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক কেশৱ চন্দ্ৰ বৰাই । কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্
৭৩ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে অৱসৰী শিক্ষকে


যোৰহাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ'ব যে নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে যোৰহাট জিলাৰ কাকজান বাম কুকুৰা চৰা নিবাসী তথা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক কেশৱ চন্দ্ৰ বৰাই । কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ৭৩ বছৰ বয়সত দেখুৱালে উচ্চ শিক্ষা বয়সৰ বাবে বাধা হ'ব নোৱাৰে।

২০১৬ চনত অৱসৰ গ্ৰহণ কৰা কেশৱ চন্দ্ৰ বৰাই ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষকৰূপে বঁটা লাভ কৰা লগতে অঞ্চলটোৰ সামাজিক ভাৱে বহু অনুষ্ঠানৰ লগত জড়িত। উল্লেখ্য যে তেওঁ এখন আত্ম জীৱনী প্ৰকাশ লগতে ৯ খন গ্ৰন্থ প্ৰকাশৰ পথত আগবাঢ়িছে। ইয়াৰ ওপৰিও কবিতা, প্ৰৱন্ধ কে বহু লেখা মেলা কৰি তেওঁ সাহিত্য জগত খনলৈ বহু অৱদান আগবঢ়াইছে। তেওঁ কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰি বৰ্তমান সামাজিক ভাৱে বিভিন্ন অনুষ্ঠানত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande