বাক্সাৰ জাখলিপাৰ গাওঁত নিৰ্মান হব লগীয়া জগন্নাথ মন্দিৰৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান
বাক্সা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বিটিচিত ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ। বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ জাখলিপাৰ গাওঁত নিৰ্মান হব লগীয়া জগন্নাথ মন্দিৰৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান। ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠানত মুখ্য অ
বাক্সাৰ জাখলিপাৰ গাওঁত নিৰ্মান হব লগীয়া জগন্নাথ মন্দিৰৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান


বাক্সা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বিটিচিত ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ। বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ জাখলিপাৰ গাওঁত নিৰ্মান হব লগীয়া জগন্নাথ মন্দিৰৰ ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠান। ভূমিপূজন আৰু শিলান্যাস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।

অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কৰকমলেৰে বড়ো ভাষাত শ্রীমদ্ভাগৱত গীতাতৰ উন্মোচন আৰু উৎসর্গ। অনুষ্ঠানত অংশগ্ৰহণ আন্তৰাষ্ট্ৰীয় ইস্কন ধৰ্মীয় ভক্তৰ। ইস্কনৰ অন্যতম সহযোগী সংস্থা ইণ্ডিয়া ট্রাইবেল কেয়াৰ ট্ৰাষ্টৰ উদ্যোগত বাক্সা জিলাৰ জাখলিপাৰ গাওঁত ৩০ কোটি ব্যয়সাপেক্ষ নিৰ্মাণ হব শ্রীশ্রীজগন্নাথ মন্দিৰ নিৰ্মাণৰ লগতে শ্রীশ্রীজগন্নাথ চেণ্টাৰ ফৰ ট্ৰাইবেল কেয়াৰ এণ্ড কালচাৰেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ।

এই বৃহৎ প্রকল্পটোৰ আজি মাংগলিক ৰীতিনীতিৰ মাজেৰে ভূমি পূজন আৰু শিলান্যাস কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আনহাতে এই অনুষ্ঠানতে পোন প্ৰথমবাৰৰ বাবে শ্রীমদ্ভাগৱত গীতাৰ অনুবাদ গ্রন্থ বড়ো ভাষাত প্ৰকাশ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কৰ কমলেৰে শুভ উন্মোচন কৰা কৰা হয়।

উল্লেখ্য যে এই প্রকল্পত প্রভু জগন্নাথৰ এটা বৃহৎ মন্দিৰ, জনজাতি ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলসহ এখন বিদ্যালয়, গো-শালা অতিথিশালাকে অফি কৰি কেবাটাও প্ৰকল্প স্থাপন কৰা হ'ব।

অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ ই এম বেগম আখতাৰা আহমেদ, শালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰী, মইনবড়ি সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী, প্ৰবীণ বড়ো লগতে আন্তৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইক্সন ভক্তৰসকল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande