
চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী (হি.স.): চৰাইদেউ জিলাত চলি আছে গাঞ্জা ড্ৰাগচৰ ৰমৰমীয়া বেহা। আৰক্ষীয়ে ড্ৰাগচ বিৰোধী অভিযান চলাই থকাৰ মাজতে এটা দুষ্টচক্ৰই চুবুৰীয়া নাগালেণ্ডৰ পৰা গাঞ্জা , ড্ৰাগচৰ ৰমৰমীয়া বেহা চলাই আহিছে।
আৰক্ষীৰ গোপন সূত্ৰৰ পমখেদি সোণাৰি আৰক্ষীয়ে ভজোত যোৱা কালি দেওবাৰে বিয়লি এএছ ০৩ ভি ৮৩১২ নম্বৰৰ এখনত বাইকত যোৱা দুই যুবকক তালাচি চলাই বুজন পৰিমানৰ গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয় । গাঞ্জা সহ আটক হোৱা যুৱক দুজন ক্ৰমে মাধব দাস আৰু গোপাল দাস বুলি পৰিচয় পোৱা গৈছে। দুয়োৰে ঘৰ ৰাঙলিত । জানিব পৰা মতে গাঞ্জা খিনি নাগালেণ্ডৰ মন জিলাৰ পৰা আনিছিল । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ