
ধেমাজি, ২৩ ফেব্ৰুৱাৰী (হি.স.)। চৰকাৰী বৃদ্ধ পেঞ্চন তিনিহাজাৰ টকাৰপৰা পাঁচহাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত ধেমাজিত বৃদ্ধ পেঞ্চনাৰ সকলৰ প্ৰতিবাদী কাৰ্যসুচী৷
বৃদ্ধ পেঞ্চনাৰ সকলৰ ধৰ্ণা কাৰ্যসুচীত উত্তাল ধেমাজিৰ ৰাজপথ৷ ধেমাজি জিলা বৃদ্ধ পেঞ্চনাৰ কল্যাণ সমিতিৰ সৌজন্যত বৃদ্ধ পেঞ্চন বৃদ্ধিৰ দাবীত পাঁচশতাধিক লোকে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাৱস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসুচীত ৭০-৮০ৰ উৰ্ধৰ জ্যেষ্ঠ ব্যক্তি সকলে অংশগ্ৰহণ কৰাৰ লগতে গায়ন বায়নৰ দলে গায়ন-বায়ন আৰু শঙ্খধ্বনিয়ে উত্তাল কৰে পৰিৱেশ৷ ধেমাজি জিলাৰ জোনাইৰ পৰা গোগামুখলৈকে বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ