
কাঠমাণ্ডু, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ঢাডিঙত পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ যোৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে । কাঠমাণ্ডুত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এজন যাত্ৰীৰ। আহত ২২ গৰাকী যাত্ৰীক উন্নত চিকিৎসাৰ বাবে কাঠমাণ্ডুলৈ অনা হয়।
জিলা আৰক্ষী কাৰ্যালয়ৰ মুখপাত্ৰ তথা ডিএছপি পৱন কুমাৰ ভট্টৰাইৰ মতে, আহতসকলৰ ১২ জন ৰাষ্ট্ৰীয় ট্ৰমা চেণ্টাৰত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১০ জন কলংকিৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কাঠমাণ্ডুলৈ অনা ২৩ জন ৰোগীৰ ভিতৰত এজনৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। মৃত লোকজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
কলংকিৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৯ জন পুৰুষ আৰু এগৰাকী মহিলা। ট্ৰমা চেণ্টাৰত চিকিৎসাধীন হৈ আছে ৭ জন পুৰুষ আৰু ৫ গৰাকী মহিলা।
সোমবাৰে পুৱা ঢাডিঙৰ বেনিঘাট ৰ’ৰাং অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬ জন লোক আহত হয়, য’ত দুজন বিদেশী নাগৰিক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া