
নগাঁও, ২৩ ফেব্ৰুৱাৰী (হি.স.)। অন্তিম পৰ্যায়ত অভি-নীল হত্যাকাণ্ডৰ যুক্তিতৰ্কৰ শুনানি। এপ্ৰিল মাহত গোচৰৰ ৰায়দানৰ সম্ভাৱনা।
ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ যুক্তি-তৰ্কৰ শুনানি সামৰণিৰ দিশে গতি কৰিছে। আগন্তুক এপ্ৰিল মাহৰ ভিতৰত এই গোচৰৰ ৰায়দানৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । জঘন্য ঘটনাৰ ৪৫ জন অভিযুক্তৰ ভিতৰত ১২ জন আছিল চক্ষুস সাক্ষী । ইয়াৰে পাঁচজনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে অন্য সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল । যাৰ ফলশ্ৰুতিত আদালতে ক্ৰছ একজামিনেছনৰ নিৰ্দেশো প্ৰদান কৰিছিল ।
এক দীঘলীয়া প্ৰক্ৰীয়াৰ অন্তত আজিৰে সোমবাৰৰ পৰা পুনৰ নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত যুক্তি-তৰ্কৰ এলানি শুনানি সম্পন্ন হয় । এই শুনানি প্ৰক্ৰিয়াৰ পিছতেই ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত সংঘটিত ঘটনাটোৰ ৰায়দানৰ সম্ভাৱনা আছে । আজি আদালতত গোচৰীয়া পক্ষৰ হৈ সবল যুক্তি আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে । আজিৰ শুনানিত প্ৰয়াত অভিজিৎ নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসৰ লগতে অভি-নীল স্মৃতিৰক্ষা সমিতিৰ একাংশ সদস্যও উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু