
তামুলপুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত বয়ন শিল্পৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ শুভাৰম্ভ। পৰম্পৰাগত হস্ততাঁত বস্ত্ৰশিল্পৰ পৰিৱৰ্তে আজিৰে পৰা তামুলপুৰত আধুনিক বয়ন শিল্পৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। স্থানীয় তাঁতশিল্পী সকলক শক্তিশালী কৰাৰ লক্ষ্যৰে ৱেভ টেক (Wave Tech) ৰ উদ্যোগত এই কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল হস্ততাঁত বস্ত্ৰশিল্পৰ জৰিয়তে তামুলপুৰ জিলাৰ নৱ প্ৰজন্মক বয়নশিল্পৰ নতুন বজাৰৰ সৈতে সংযোগ কৰা আৰু আগ্ৰহী কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। কাৰ্যসূচীত স্থানীয় তাঁতশিল্পী, উদ্যোগী, আত্মসহায়ক গোটৰ সদস্য তথা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত পৰম্পৰাগত বস্ত্ৰ নিৰ্মাণত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, ডিজাইন উদ্ভাৱন, ডিজিটেল মাৰ্কেটিং আৰু অনলাইন বিক্ৰীৰ সম্ভাৱনা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।
বিশেষজ্ঞ সকলে উল্লেখ কৰে যে তামুলপুৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্যোগৰ সমৃদ্ধ পৰম্পৰা আছে যদিও আধুনিক বজাৰৰ প্ৰতিযোগিতাৰ বাবে তাঁত শিল্পীসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত প্ৰযুক্তিগত সহায় আৰু প্ৰশিক্ষণে স্থানীয় উৎপাদন সমূহক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াব পাৰে।
কাৰ্যসূচীত তাঁতশিল্পী সকলক নতুন যন্ত্ৰপাতি, আধুনিক ডিজাইন প্ৰযুক্তি আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে উৎপাদনৰ বিক্ৰী বৃদ্ধি কৰাৰ উপায় সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে যুৱ সমাজক স্ব-নিয়োজিত কৰ্মসংস্থাপনৰ সুযোগৰ বিষয়েও সজাগ কৰা হয়।
আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ মেইটি (Meity) দলৰ সমন্বয়ক তুলিকা পান্দে, তামুলপুৰ জিলাৰ জিলা উপায়ুক্ত চিমি কৰণ, বিটিচিৰ যুটীয়া সচিব ৰক্তিম বুঢ়াগোহাঁইৰ লগতে বিভাগৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু