
ৰায়পুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। আত্মসমৰ্পণৰ বাবে সাজু হৈছে ছত্তীশগড়ত সক্ৰিয় নক্সালবাদীৰ বালাংগীৰ-বৰগড়-মহাছামুণ্ড সংমণ্ডল। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী বিজয় শৰ্মালৈ বিবিএমৰ পত্ৰ লিখি ৩ মাৰ্চৰ ভিতৰত ১৫জন নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিব বুলি উল্লেখ কৰিছে। শৰ্মাই তেওঁলোকক মূলসুঁতিত যোগদান কৰিবলৈ আহ্বান জনাইছে।
এই তথ্য আজি উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে। পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ লৈ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰে। খবৰ অনুসৰি চিপিআই (মাওবাদী), পশ্চিম উপ-মণ্ডল ব্যুৰো, ওড়িশা ৰাজ্যিক সমিতি, বিবিএম সংমণ্ডল সমিতিৰ সম্পাদক বিকাশে এই পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁলোকে সতীৰ্থসকলৰ সৈতে নিজৰ অস্ত্ৰ-শস্ত্ৰ লৈ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰে। লগতে ৰেডিঅ’ যোগে গৃহমন্ত্ৰীৰ ওচৰত নিৰাপত্তাৰ নিশ্চয়তা বিচাৰি আবেদন জনাইছে। আশ্বাস লাভ কৰি বিকাশে ২ মাৰ্চৰ পৰা ৩ মাৰ্চৰ ভিতৰত ওলাই অহাৰ প্ৰতিশ্ৰুতি দিছে।
পত্ৰত উল্লেখ কৰা মতে, তেওঁলোক বৰ্তমান ওড়িশাত আছে, কিন্তু যিহেতু অধিকাংশ সদস্য বস্তৰ অঞ্চলৰ, সেয়েহে তেওঁলোকে ছত্তীশগড়ত আত্মসমৰ্পণ কৰিবলৈ সন্মত হৈছে। সকলোৰে সৈতে যোগাযোগ স্থাপনৰ বাবে এটা দলে কাম কৰি আছে। বাকী সদস্যসকল ক্ৰমান্বয়ে আহি আছে, আৰু সকলোকে ১ মাৰ্চলৈকে সময় দিয়া হৈছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে ডিভিচি কেডাৰৰ তিনিজন, এচি কেডাৰৰ ৫জন, পিএম কেডাৰৰ ৭জনকে ধৰি মুঠ ১৫জন সদস্য আত্মসমৰ্পণ কৰিবলৈ সাজু হৈছে।
আত্মসমৰ্পণ বিচৰা নক্সালসকলে যাতে নিৰ্দিষ্ট স্থানত নিৰাপদে উপস্থিত হ’ব পাৰে তাৰ বাবে আৰক্ষীৰ কম্বিং আৰু হেঁচা অভিযান বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে। ওড়িশা আৰক্ষীকো অৱগত কৰা হৈছে আৰু বালাংগীৰ আৰু বৰগড় জিলাত তালাচী অভিযান বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নক্সালবাদীসকলে কয় যে যদিহে পথটোৰে নিৰাপত্তা বাহিনী ধৰা পৰে তেন্তে গোটটো বিভাজিত হোৱাৰ আশংকা থাকে।
পত্ৰখনত উল্লেখ আছে যে দেশ আৰু বিশ্বৰ পৰিৱৰ্তিত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক পৰিস্থিতিত দীৰ্ঘম্যাদী সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখাৰ কোনো ন্যায্যতা আৰু নাই। সেয়েহে তেওঁলোকে মূলসুঁতিলৈ ঘূৰি আহি ভাৰতীয় সংবিধানৰ পৰিকাঠামোৰ ভিতৰতে জনহিতকৰ বাবে কাম কৰিবলৈ ইচ্ছা কৰে। গৃহমন্ত্ৰীৰ সঁহাৰি শুনি আমি উভতি আহিম। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ প্ৰায় এসপ্তাহ সময় লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া