মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুৰা গৰীয়া গাঁৱত জঘন্য হত্যাকাণ্ড
চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত নিজ খালৈ ঘুগুৰা গৰীয়া গাঁৱত এক জঘন্য হত্যাকাণ্ড। ঘৰুৱা কন্দলৰ পৰিণতিত স্বামী ৰাজু বৰুৱাই (৪২) নিজ পত্নী ৰেখা বৰুৱাক (৪০) এখন দাৰে পিঠিত ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। পত্নীক
মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুৰা গৰীয়া গাঁৱত জঘন্য হত্যাকাণ্ড


চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত নিজ খালৈ ঘুগুৰা গৰীয়া গাঁৱত এক জঘন্য হত্যাকাণ্ড। ঘৰুৱা কন্দলৰ পৰিণতিত স্বামী ৰাজু বৰুৱাই (৪২) নিজ পত্নী ৰেখা বৰুৱাক (৪০) এখন দাৰে পিঠিত ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। পত্নীক হত্যা কৰাৰ পিছত অভিযুক্ত স্বামীয়ে নিজেও বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায়।

মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ তৎপৰতাত অভিযুক্ত ৰাজু বৰুৱাক আৰক্ষীয়ে আটক কৰিব সক্ষম হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত চিকিৎসালয়ত ৰাজু বৰুৱা চিকিৎসাধীন । আৰক্ষীয়ে ইতিমধ্যে, হত্যাকাণ্ডত ব্যৱহৃত দা-খন জব্দ কৰিছে আৰু ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কনমানি কন্যা সন্তান আছে পৰিয়ালটোৰ। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande