পশ্চিমবংগৰ জ্যেষ্ঠ ৰাজনীতিবিদ মুকুল ৰয়ৰ ৭১ বছৰ বয়সত দেহাৱসান
কলকাতা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিম বংগৰ ৰাজনীতিৰ চাণক্য নামেৰে পৰিচিত প্ৰবীণ ৰাজনীতিবিদ মুকুল ৰয়ৰ দেওবাৰে গভীৰ নিশা ৭১ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি নিউ টাউনৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা মুকুল ৰয়ে বৃক্কৰ সমস্যাকে ধৰি কেইবাটাও গ
मुकुल


কলকাতা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিম বংগৰ ৰাজনীতিৰ চাণক্য নামেৰে পৰিচিত প্ৰবীণ ৰাজনীতিবিদ মুকুল ৰয়ৰ দেওবাৰে গভীৰ নিশা ৭১ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি নিউ টাউনৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা মুকুল ৰয়ে বৃক্কৰ সমস্যাকে ধৰি কেইবাটাও গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। তেওঁৰ মৃত্যুৱে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

তেওঁৰ বাসগৃহৰ বাহিৰত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থক আৰু নেতাৰ ভিৰ দেখা গৈছিল। চিকিৎসালয়ৰ পৰা তেওঁৰ মৃতদেহ ঘৰলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

মুকুল ৰয়ে কংগ্ৰেছ দলৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ শাসকীয় দল তৃণমূল কংগ্ৰেছত যোগদান কৰে। তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। সংগঠনটো গঢ়ি তোলাত তেওঁৰ কৌশলগত ভূমিকাৰ বাবে তেওঁক বংগৰ ৰাজনীতিৰ চাণক্য বুলিও কোৱা হৈছিল। এসময়ত তেওঁক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছাঁ বুলি গণ্য কৰা হৈছিল।

ৰাজ্যসভাৰ সদস্য হিচাপেও তেওঁ কেন্দ্রীয় চৰকাৰত জাহাজ আৰু ৰে’লৱেৰ প’ৰ্টফ’লিঅ’ দখল কৰিছিল৷

পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত কৃষ্ণনগৰ উত্তৰ আসনত জয়ী হৈছিল। যদিও পিছত তেওঁ পুনৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে, তথাপিও তেওঁ বিজেপিৰ আনুষ্ঠানিক বিধায়ক হৈ থাকি বিধায়ক পদৰ পৰা পদত্যাগ নকৰিলে।

তেওঁ বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ হিচাপেও নিযুক্তি লাভ কৰে। তেওঁৰ বিধায়ক মৰ্যাদাক লৈ বিবাদ আদালতত উপনীত হয়।

কলিকতা উচ্চ ন্যায়ালয়ে তেওঁক অযোগ্য ঘোষণা কৰাৰ নিৰ্দেশ দিছিল যদিও উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ অনুমতি প্ৰদান কৰে।

ৰাজনৈতিক উত্থান-পতনেৰে ভৰা দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনৰ অন্তত অৱশেষত বিধায়ক হিচাপে চূড়ান্ত যাত্ৰা সম্পূৰ্ণ কৰিলে মুকুল ৰয়ে। তেওঁৰ মৃত্যুৰ লগে লগে পশ্চিম বংগৰ ৰাজনীতিয়ে হেৰুৱাইছে এজন প্ৰভাৱশালী ৰণনীতিবিদ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande