ড্ৰাগছ মাফিয়া এল মেনচোৰ মৃত্যুৰ পিছত মেক্সিকোৰ পৰিস্থিতি অধিক অৱনতি, আমেৰিকা আৰু কানাডাৰ নাগৰিকৰ বাবে পৰামৰ্শ জাৰি, বিমান সেৱা বাতিল
ৱাশ্বিংটন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মেক্সিকোৰ কুখ্যাত ড্ৰাগছ মাফিয়া তথা জালিস্কো নিউ জেনেৰেচন (চিজেএনজি) কাৰ্টেলৰ নেতা নেমেছিঅ’ “এল মেনচো” অচেগুৱেৰা চাৰ্ভাণ্টেছ দেওবাৰে সামৰিক অভিযানত ধৰাশায়ী হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিত
मेक्सिको में ड्रग माफिया एल मेंचो की मौत के बाद हिंसा भड़क गई है। जापोपान में संगठित अपराध समूह के सदस्यों ने रास्ता रोकने के लिए गाड़ियों में आग लगा दी। सूचना मिलते ही पुलिस पहुंची। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মেক্সিকোৰ কুখ্যাত ড্ৰাগছ মাফিয়া তথা জালিস্কো নিউ জেনেৰেচন (চিজেএনজি) কাৰ্টেলৰ নেতা নেমেছিঅ’ “এল মেনচো” অচেগুৱেৰা চাৰ্ভাণ্টেছ দেওবাৰে সামৰিক অভিযানত ধৰাশায়ী হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতিৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি জনাই আমেৰিকা আৰু কানাডাই নিজৰ নাগৰিকসকলৰ বাবে পৰামৰ্শ জাৰি কৰিছে, য’ত তেওঁলোকক সুৰক্ষিত ঠাইত অৰ্থাৎ শ্বেলটাৰ 'ইন প্লেচ'ত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিছে।

আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি চিএনএন, চিবিএছ আৰু ফক্স নিউজে প্ৰকাশ কৰা অনুসৰি হিংসাত্মক পৰিস্থিতিৰ বাবে গুৱাডালাজাৰা আৰু পুয়েৰ্টো ভালাৰ্টাৰ দৰে ডাঙৰ চহৰসমূহৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হৈছে। পুয়েৰ্টো ভালাৰ্টাত টেক্সি আৰু ৰাইড-শ্বেয়াৰ সেৱাও বন্ধ কৰি দিয়া হৈছিল। বহু ব্যৱসায়িক প্ৰতিষ্ঠানে সাময়িকভাৱে কাম-কাজ বন্ধ কৰি দিছে।

আমেৰিকাই বিশেষভাৱে জালিস্কো, টামাউলিপাছ, মিচ’আকান, গুয়েৰেৰো, আৰু নুৱেভ’ লিঅ’ন ৰাজ্যৰ নাগৰিক আৰু চৰকাৰী কৰ্মচাৰীসকলক সজাগ হৈ থাকিবলৈ, ভিৰ এৰাই চলিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।

আচলতে দেওবাৰে জালিস্কো ৰাজ্যৰ টপালপা অঞ্চলত এক বৃহৎ অভিযানৰ সময়ত মেক্সিকান সেনাই ৫৯ বছৰীয়া এল মেনচোক ঘেৰি ধৰে। ইয়াৰ পিছত সংঘটিত হোৱা সংঘৰ্ষত কাৰ্টেলৰ চাৰিজন সদস্য থিতাতে নিহত হয়। এই ঘটনাত এল মেনচো গুৰুতৰভাৱে আহত হয় আৰু পিছত চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। এই অভিযানত তিনি মেক্সিকান জোৱানো আহত হয়।

আমেৰিকাই বহুদিনৰ পৰাই এল মেনচোক বিচাৰিছিল। তেওঁক বন্দী কৰা তথ্যৰ বাবে আমেৰিকাই ১৫ মিলিয়ন ডলাৰ (প্ৰায় ১২৫ কোটি ₹) পুৰস্কাৰ দিয়াৰ প্ৰস্তাৱ দিছিল। তেওঁৰ মৃত্যুৰ পিছত সন্দেহযুক্ত কাৰ্টেলৰ সদস্যসকলে কেইবাটাও স্থানত বাছত জুই লগাই ৰাস্তা বন্ধ কৰি দিয়ে আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, যাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি পায়।

হিংসাত্মক পৰিস্থিতিৰ পিছতে আমেৰিকান এয়াৰলাইন্স আৰু এয়াৰ কানাডাকে ধৰি কেইবাটাও বিমান সংস্থাই পুয়েৰ্টো ভালাৰ্টালৈ বিমান সেৱা বন্ধ কৰি দিয়ে আৰু কিছু সময়ৰ বাবে কিছুমান পৰ্যটক আবদ্ধ হৈ পৰে। আমেৰিকাৰ বিদেশ বিভাগৰ কনছুলাৰ পৰিক্ৰমা বিভাগে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, “মেক্সিকোৰ কেইবাটাও অঞ্চলত চলি থকা বৃহৎ পৰিসৰৰ নিৰাপত্তা অভিযান আৰু ইয়াৰ সৈতে জড়িত পথ অৱৰোধ আৰু অপৰাধমূলক কাৰ্যকলাপৰ বাবে নাগৰিকসকলে পৰৱৰ্তী জাননী নিদিয়ালৈকে নিৰাপদ স্থানত থাকিব লাগে।” ইয়াত লগতে কোৱা হৈছে যে, ৰোড অৱৰোধে বিমান সংস্থাসমূহৰ পৰিচালনাত প্ৰভাৱ পেলাইছে। গুয়াডালাজাৰা আৰু পুয়েৰ্টো ভালাৰ্টা দুয়োখনতে কিছুমান ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হৈছে।

কানাডাই কয় যে তেওঁলোকে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। কানাডাই মেক্সিকোত বাস কৰা নাগৰিকসকলক “নিম্ন প্ৰফাইল বজাই ৰাখিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ মানি চলিবলৈ” পৰামৰ্শ দিয়ে। ইফালে আমেৰিকাৰ বিমান সংস্থা ইউনাইটেড, আমেৰিকান, চাউথৱেষ্ট, আৰু আলাস্কাৰ লগতে কানাডাৰ বিমান সংস্থা এয়াৰ কানাডা আৰু ৱেষ্টজেট/ছানউইঙে পুয়েৰ্টো ভালাৰ্টা, গুয়াডালাজাৰা আৰু মানজানিলোলৈ বিমান বাতিলৰ কথা ঘোষণা কৰে।

কেইবাটাও বিমান সংস্থাই জনোৱা মতে, মেক্সিকোলৈ যোৱাৰ পথত কিছুমান বিমানে উভতিবলগীয়া হৈছিল। পৰিস্থিতি স্বাভাৱিক হ’লে আৱদ্ধ যাত্ৰী আৰু কৰ্মচাৰীসকলক ঘূৰাই আনিবলৈ মেক্সিকোলৈ বিমান প্ৰেৰণ কৰিব বুলি চাউথৱেষ্টে কয়। ইফালে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে এল মেনচোৰ বিৰুদ্ধে সামৰিক অভিযানৰ সৈতে জড়িত সংস্থাসমূহৰ কামৰ প্ৰশংসা কৰে। তেওঁ কয়, আমি প্ৰতিদিনে মেক্সিকোৰ শান্তি, নিৰাপত্তা, ন্যায় আৰু মংগলৰ বাবে কাম কৰোঁ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande