
ন্যায় বিচাৰি জালাল উদ্দীনৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল।
মৰিগাঁও, ২৩ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোচনাবৰী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, টিউচন পঢ়োৱাৰ চলেৰে এজন ব্যক্তিয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ আচৰণ কৰাৰ চেষ্টা চলায় । ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে, যোৱা কালি দেওবাৰে সন্ধিয়া সময়ত কিশোৰী গৰাকীৰ ঘৰলৈ কিতাপ পঢ়াবলৈ আহে জালাল উদ্দীন নামৰ লোকজন। সেই সময়তে কিশোৰী গৰাকীৰ মাতৃয়ে জালাল উদ্দীনৰ বাবে চাহ বনাবলৈ পাকঘৰলৈ যায়।
ইফালে মাতৃ পাকঘৰত থকাৰ সুযোগ লৈ অভিযুক্তই কিশোৰী গৰাকীৰ সৈতে জোৰ-জবৰদস্তি কৰাৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে মাতৃয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টো প্ৰত্যক্ষ কৰাৰ পিছতে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পায় । এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ