বাইহাটা চাৰিআলিৰ ব্যৱসায়ী কনক ডেকাই নিৰ্মাণ কৰা ৰেল কৰিডৰ আজি মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই
কামৰূপ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। এগৰাকী অসমীয়া যুৱকৰ সোণসেৰীয়া যাত্ৰা। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ ব্যৱসায়ী কনক ডেকাই নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰেল কৰিডৰ। আজি এই ৰেল টাৰ্মিনেল মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । লগত
বাইহাটা চাৰিআলিৰ ব্যৱসায়ী কনক ডেকাই নিৰ্মাণ কৰা ৰেল কৰিডৰ আজি মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই


কামৰূপ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। এগৰাকী অসমীয়া যুৱকৰ সোণসেৰীয়া যাত্ৰা। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ ব্যৱসায়ী কনক ডেকাই নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰেল কৰিডৰ। আজি এই ৰেল টাৰ্মিনেল মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । লগতে উপস্থিত থাকে উত্তৰ পূৱ ৰেলৰ ৰঙিয়া সংমণ্ডৰ উচ্চ পদস্থ বিষয়া সকল ।

ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল কৰিডৰ এয়া উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম। ইতিমধ্যে ভাৰতীয় ৰেল মানচিত্ৰত সংযোজিত হৈছে কনক ডেকাৰ ব্যক্তিগত ৰেল ষ্টেচনৰ নাম । প্ৰধানমন্ত্ৰী গতি শক্তি আচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প । তিনিশ বিঘা ভুমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক যুৱতী কৰ্ম সংস্থাপন লাভ কৰিব। ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা , মহেন্দ্ৰা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালে সংখ্যক বহুজাতিক প্ৰতিস্থানে গ্ৰহন কৰিব ল’জিষ্টিক সেৱা। এডভান্টেজ আসাম ২ স্বাক্ষৰিত কৰা প্ৰায় ৫০০ কোটি টকাৰ চুক্তি মৰ্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰে এই প্ৰকল্প।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande