
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। অলংকাৰ বজাৰত স্পট ৰূপৰ দাম সামান্য হ্ৰাস পোৱাৰ পাছতো ফিউচাৰ মাৰ্কেটত ৰূপৰ মূল্য আজি উৰ্ধমুখী ধাৰা দেখা গৈছে। আজি পুৱা ১১:৩০ বজাত মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত প্ৰতি কিলোগ্ৰামত ৰূপৰ মূল্য ৫.৮২ শতাংশ বৃদ্ধিৰে ২৬৭,৬৭৩₹ হয়গৈ ।
আনহাতে, ইণ্ডিয়ান বুলিয়ন জুৱেলাৰছ এছ’চিয়েশ্যনে (IBJA) আজিৰ বাবে প্ৰতি কিলোগ্ৰামত .৯৯৯ বিশুদ্ধ ৰূপৰ মানক মূল্য ২৫০,৩১৪ ₹ নিৰ্ধাৰণ কৰিছে। আজিৰ বাবে আই বিজে নিৰ্ধাৰণ কৰা মানক মূল্য যোৱা সপ্তাহৰ শেষৰ ব্যৱসায়িক দিনটোৰ মূল্যতকৈ ২.২৬ শতাংশ বেছি। ঘৰুৱা বজাৰৰ দৰেই আজি আন্তঃৰাষ্ট্ৰীয় বজাৰ কমেক্সতো স্পট ৰূপৰ মূল্য প্ৰতি আউন্সত ৮৬.৯০ ডলাৰত ব্যৱসায় কৰা হয়। একেদৰে আজি আন্তঃৰাষ্ট্ৰীয় বজাৰতো ৰূপৰ মূল্য প্ৰায় ৫.৬৫ শতাংশ বৃদ্ধি পাইছে।
বজাৰ বিশেষজ্ঞসকলে কয় যে আমেৰিকাত শক্তিশালী অকৃষি পে-ৰোলৰ তথ্য আৰু সুস্থিৰ অৰ্থনৈতিক বৃদ্ধিয়ে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ তৎক্ষণাত কৰ্তন কৰাৰ সম্ভাৱনা হ্ৰাস কৰিছে। ইয়াৰ ফলত আমেৰিকান ডলাৰ শক্তিশালী হৈছে আৰু সোণ, ৰূপ, প্লেটিনাম, তামৰ দৰে বহুমূলীয়া ধাতুৰ মূল্যৰ অস্থিৰতা বৃদ্ধি পাইছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সক্ৰিয় বিনিয়োগকাৰীসকলে বৰ্তমান ফেডাৰেল ৰিজাৰ্ভৰ বৈঠকৰ কাৰ্য্যবিৱৰণী নিৰীক্ষণ কৰি আছে, যিয়ে সুতৰ হাৰৰ দিশৰ বিষয়ে স্পষ্ট ইংগিত দিব পাৰে। বিশেষজ্ঞসকলে কয় যে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে নিৰ্ধাৰণ কৰা সুতৰ হাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ উঠা-নমাৰ দিশ নিৰ্ণয় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া