প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তক কোকৰাঝাৰ ভ্ৰমনৰ প্ৰস্তুতি বুজ ল'বলৈ কোকৰাঝাৰত ৰাজ্য়ৰ প্ৰধান সচিব ডঃ ৰবি কোটা,কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত
কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বড়ো ভুমি কোকৰাঝাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব। অহা ১৩ মাৰ্চত বড়ো ভুমি কোকৰাঝাৰত আহি এটা ঐতিহাসিক কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোকৰাঝাৰৰ পৰা ভুটানলৈ সংযোগী ৰেলপথৰ আধাৰশিলা স্থাপ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তক কোকৰাঝাৰ ভ্ৰমনৰ প্ৰস্তুতি বুজ ল'বলৈ কোকৰাঝাৰত ৰাজ্য়ৰ প্ৰধান সচিব ডঃ ৰবি কোটা,কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত


কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বড়ো ভুমি কোকৰাঝাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব। অহা ১৩ মাৰ্চত বড়ো ভুমি কোকৰাঝাৰত আহি এটা ঐতিহাসিক কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোকৰাঝাৰৰ পৰা ভুটানলৈ সংযোগী ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব।

১৩ মাৰ্চত কোকৰাঝাৰ ভ্ৰমণ কৰি ১৪ মাৰ্চত অসমৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমনৰ প্ৰস্তুতি বুজ ল'বলৈ আজি কোকৰাঝাৰত উপস্থিত অসম চৰকাৰৰ প্ৰধান সচিব ডঃ ৰবি কোটা। অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গ্ৰীণ্ড ফিল্ডত প্ৰধানমন্ত্ৰী ভ্ৰমনৰ প্ৰস্তুতি বুজ ল'বলৈ উপস্থিত হয়। গ্ৰীণ্ড ফীল্ডত হেলিপেড আৰু বিশাল জন সমাগমৰ প্ৰস্তুতি বুজ লৈ বি টি চি সচিবালয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় প্ৰধান সচিব সহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

প্ৰধান সচিব ডঃ ৰবি কোটা আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰস্তুতিৰ বুজ লোৱাত সংগ দিয়ে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী। ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমনত কোকৰাঝাৰ পৰা ভুটান সংযোগী ৰেলপথৰ আধাৰশিলা স্থাপনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰা সম্ভাৱনা আছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্য়মত মন্তব্য প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande