কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ দুটা পৃথক ঘটনাত দুজন আহত
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ পৃথক দুটা ঘটনাত বনকৰ্মী আৰু এজন সাধাৰণ লোক আহত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমনত আহত নিতুল গগৈ নামৰ এজন গৃহৰক্ষী জোৱান ৷ আনহাতে হাতীখুলি চাহ বাগিচাত গঁড়ৰ
কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ দুটা পৃথক ঘটনাত দুজন আহত


গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কাজিৰঙাত গঁড়ৰ আক্ৰমণৰ পৃথক দুটা ঘটনাত বনকৰ্মী আৰু এজন সাধাৰণ লোক আহত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমনত আহত নিতুল গগৈ নামৰ এজন গৃহৰক্ষী জোৱান ৷ আনহাতে হাতীখুলি চাহ বাগিচাত গঁড়ৰ আক্ৰমণত আহত হয় ভগিৰথ কৰ্মকাৰ নামৰ এজন লোক ৷

গুৰুতৰ ভাৱে আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ইয়াৰ পুৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত থকা এশিঙিয়া গঁড়ে বনাঞ্চলৰ পৰা ওলাই আহি জনবসতিপুৰ্ণ অঞ্চলত বিচৰণ কৰি থকাৰ সময়ত কোনো লোক গঁড়ৰ সন্মুখত পৰিলে ততালিকে মানুহলৈ চোচা লয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande