
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। আদানিক পানীৰ দৰত ভূমি বিক্ৰী কৰাক কেন্দ্ৰ কৰি সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি । অসমৰ মাটি বনিয়াক বিক্ৰী কৰা ঘটনা মানি নলয় অসমবাসীয়ে। চৰকাৰৰ এই হঠকাৰি সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া ।
গোলাঘাটত আজি অনুষ্ঠিত এক সংবাদমেলত দলৰ জেষ্ঠ নেতা গৰাকী উল্লেখ কৰে যে অসমত এডোখৰ ভুমিৰ বাবে চৰকাৰক অসমৰ কেইবা লাখ জনসাধাৰণে কাকুতি মিনতি কৰি আছে। কিন্ত দৰিদ্ৰ মানুহক বঞ্চিত কৰি চৰকাৰে একাংশ পুজিপতিক অসমৰ ভুমি সমূহ গতাই দিছে, আদানিক চহকী কৰাৰ নামত লোৱা এই কৰ্মকাণ্ডৰ পৰা বিৰত থকাৰ আহ্বান কৃষক নেতা গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা