
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ধেমাজি জিলাৰ কাণ্ডক লৈ সৰুপথাৰতো প্ৰতিক্ৰিয়া অব্যাহত। হাতে হাতে প্লে কাৰ্ড লৈ মহাবিদ্যালয় শিক্ষকৰ বিক্ষোভ।
ধেমাজি জিলাৰ অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী বহী নিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ গুণ্ডাৰূপী এদল যুৱকৰ অতপালিৰ বিৰুদ্ধে সৰুপথাৰ মহাবিদ্যালয় শিক্ষক গোট, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। বহী নিৰীক্ষক হিচাপে নিজৰ দায়িত্ব সম্পাদন কৰা ধেমাজিৰ চিটি কলেজৰ সহকাৰী অধ্যাপক মনমোহন গগৈক আক্ৰমণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবীত সৰুপথাৰ মহাবিদ্যালয় শিক্ষক-ছাত্ৰৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
শিক্ষক সকলে হাতে হাতে প্লে কাৰ্ড লৈ Stop Harassment on Teachers, Ensure security of teacher on exam duty, arrest culprits involved in teacher's harassment, Give compensation to inflicted teachers, We want justice আদিৰে সাব্যস্ত কৰে প্ৰতিবাদ। গুৰুতৰভাৱে আহত বহী নিৰীক্ষক মনমোহন গগৈ বৰ্তমানে ডিব্ৰুগড়ৰ অসম চিকিৎস্যা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰক দাবী জনাইছে যে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু