

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। এইবাৰ তান্ত্ৰিকৰূপী চোৰৰ লুটপাটৰ ঘটনা। যোৰাবাটত পোহৰলৈ আহিছে এনে এক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি চলিত মাহৰ ১১ তাৰিখে এক চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছিল যোৰাবাটৰ শংকৰদেৱ নগৰত। এই চুৰি কাণ্ডত ভোক্তভোগী তথা শংকৰদেৱ নগৰ নিবাসী গংগা ৰায়ৰ ঘৰৰ পৰা বহু মূল্যবান সামগ্ৰীৰ লগতে সোণৰ আ অলংকাৰ লুটি নিছিল চোৰে। এই ঘটনা সন্দৰ্ভত ভোক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ। এই এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাই এই সমস্ত চুৰি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড তান্ত্ৰিক ৰূপী ফাৰুখ ওজাক নগাঁৱৰ কচুৱাৰ পৰা দেওবাৰে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
উল্লেখ্য যে তান্ত্ৰিক ৰূপী ফাৰুখ ওজাৰ স্বীকোৰোক্তিৰ ভিত্তিত চুৰি সামগ্ৰী ক্ৰয় কৰা জুৱেলাৰীৰ স্বত্বাধিকাৰী খেৰনিৰ সন্তোষ কুমাৰ প্ৰাসাদকো আৰক্ষীয়ে আটক কৰাৰ লগতে লংকাস্থিত জুৱেলাৰী দোকানত অভিযান চলাই লুট কৰা সোণৰ বহু আ অলংকাৰ আৰু বহুতো চুৰি সোণ জব্দ কৰাৰ লগতে নগদ ৫৭,৪২০/-টকা উদ্বাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি তান্ত্ৰিক কাৰ্যত ব্যৱহাৰ হোৱা পোচাক আৰু সা সজুলি আৰু ৪ টাকৈ মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
উল্লেখ্য যে অসমৰ বিভিন্ন স্থানত এই তান্ত্ৰিক ৰূপী চোৰটোৱে বহু দিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত চি এন অ ৬৪/ ২৬ ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar