
শোণিতপুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পানীৰ প্ৰত্যাহ্বানৰ ওপৰত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ মহাবিদ্যালয়সমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে এখন আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰ । ৱাটাৰ চেলেঞ্জাৰ্ছ :ফৰ্ম এনচিয়েন্ট টু কনটেম্পোৰেৰী টাইমছ এণ্ড বিঅন্দ শীৰ্ষক ছেমিনাৰখনৰ আৰ্থিক পৃষ্ঠপোষকতা আগবঢ়াইছে Indian Council of Historical Research (ICHR)- নতুন দিল্লীয়ে । বুৰঞ্জী, ৰাজনীতি বিজ্ঞান আৰু ভূগোল বিজ্ঞান বিভাগৰ যৌথ উদ্যোগত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ এই ছেমিনাৰখন অনুষ্ঠিত হ’ব।
“Water Challenges: From Ancient to Contemporary Times and Beyond” (পানীৰ প্ৰত্যাহ্বান: প্ৰাচীন সময়ৰ পৰা সাম্প্ৰতিক সময় আৰু ইয়াৰ বাহিৰত) শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰখন সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ । পানী বা জল হৈছে জীৱ জগতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ। পানী মানৱ সভ্যতাৰ উৎপত্তি, বিকাশ আৰু স্থায়িত্বৰ মূল আধাৰ। প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈকে পানীৰ সৈতে জড়িত সম্পদ ব্যৱস্থাপনা, পৰিবেশ সংৰক্ষণ, নদী-বিবাদ, জলবায়ু পৰিবৰ্তন আৰু বহনক্ষম উন্নয়নৰ দৰে বিষয়সমূহ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে।
উক্ত আন্তঃৰাষ্ট্ৰীয় চেমিনাৰখনত ভূটান ৰয়েল বিশ্ববিদ্যালয়ৰ ড০ ওম কাটেল আৰু প্ৰফেছাৰ অনুজা নায়াৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব । লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড০ ৰাজীৱ সন্দিকৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰফেছাৰ চন্দন কুমাৰ শৰ্মা, ইন্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজী গুৱাহাটীৰ প্ৰফেছাৰ অৰূপ জ্যোতি শইকীয়া নিদিষ্ট বক্তা হিচাপে বিভিন্ন শিতানত উপস্থিত থাকিব। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় গৱেষকসকলৰ পৰা ৭০ খনৰো অধিক গৱেষণা পত্ৰ লাভ কৰা হৈছে । উক্ত ছেমিনাৰখনে গৱেষক, অধ্যাপক, বুদ্ধিজীৱী আৰু শিক্ষাৰ্থীসকলক গৱেষণামূলক আলোচনা আৰু মত-বিনিময়ৰ এক সঠিক মঞ্চ প্ৰদান কৰিব আৰু ভবিষ্যৎ প্ৰজন্মৰ বাবে পানী সম্পৰ্কীয় নীতি-নির্ধাৰণ আৰু সচেতনতা বৃদ্ধিত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই জনাইছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ