
তামুলপুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সমাগত দৌল উৎসৱৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন । গোৰেশ্বৰৰ গুৰমৌ গাঁৱত এইবেলি অনুষ্ঠিত হ'ব ৬০ সংখ্যক দৌলযাত্ৰা মহোৎসৱ ।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুমৌৰ জগন্নাথ মন্দিৰ আৰু বাথৌ থানচালিৰ প্ৰাংগনত অনুষ্ঠিত হ'ব এই অনুষ্ঠান । ২ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব লগীয়া দৌল উৎসৱত থাকিব বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক কাৰ্যসূচী । অঞ্চলটোৰ প্ৰায় দহ সহশ্ৰাধিক ৰাইজৰ সমাগম হ'ব এই দৌলযাত্ৰা মহোৎসৱত ।
দৌল মহোৎসৱৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে গুৰমৌ গাঁওবাসী ৰাইজ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা