সোণাৰিত অনুষ্ঠিত হব লগা বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন
চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰিত অনুষ্ঠিত হব লগা বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন। সোণাৰি বানফেৰা খেলপথাৰত ৬,৭ আৰু ৮ মাৰ্চত অনুষ্ঠিত হ''ব বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান। টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আয়
সোণাৰিত অনুষ্ঠিত হব লগা বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন


চৰাইদেউ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰিত অনুষ্ঠিত হব লগা বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ লাইখুটা স্থাপন। সোণাৰি বানফেৰা খেলপথাৰত ৬,৭ আৰু ৮ মাৰ্চত অনুষ্ঠিত হ'ব বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান। টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট অভিনেত্ৰী চেতনা দাসক।

লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উদযাপন সমিতিৰ সভাপতি মণি গগৈ, টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়াৰ লগতে যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande