
ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ফকিৰগঞ্জত আৰক্ষীৰ বৃহৎ সফলতা লাভ। বুজন পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যসহ এজন যুৱকক আটক কৰিব সক্ষম হই আৰক্ষী। যোৱা নিশা ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুপ জ্যোতি ৰায়ৰ নেতৃত্বত চলোৱা বিশেষ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য জব্দ হোৱাৰ লগতে এজন যুবকক আটক কৰা হৈছে।
গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত অভিযানকাৰী আৰক্ষীৰ দলে ফকিৰগঞ্জৰ সোণাপাৰা গাঁৱৰ আশিক মিঞা (২৫)ক আটক কৰে। ধৃত ব্যক্তি জন সোণাপাৰা গাঁৱৰ মহম্মদ চান মিঞাৰ পুত্ৰ বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে । অভিযানটোৰ সময়ত আৰক্ষীয়ে অভিযুক্ত আশিক মিঞাৰ পৰা ১৮০ টা নিষিদ্ধ ট্ৰামাডল কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দ্ৰব্যখিনিৰ উৎস আৰু যোগসূত্র সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে আশিক মিঞাক অধিক তথ্যৰ বাবে সোধা–পোছা অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা