
ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ছুৱাপাতাত যোৱা কালি দেওবাৰে বিয়লি সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা । ভুমি কেন্দ্ৰিক সংঘাতৰ ফলত দুই পক্ষৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা।
গাওঁ খনৰ শুকুৰ আলী নেতৃত্বত চলিছে এই মাৰপিটৰ ঘটনা । মাৰপিট ফলত ৰশিদ আলী, কামাল আলী আৰু আছৰ আলীসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে ৰশিদ আলী নামৰ লোকজনক মুমূৰ্ষু অৱস্থাত বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ যদিও অৱস্থা অতি সংকটজনক বুলি উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ