ৰেল যাত্ৰীসকলৰ যাত্ৰা সুগম কৰাৰ অৰ্থে হোলী বিশেষ ৰেলৰ চলাচলৰ সময়সীমা বৃদ্ধি
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, ফেব্ৰুৱাৰী - মাৰ্চ ২০২৬ বৰ্যৰ সময়ছোৱাত চাৰি যোৰ হোলী বিশেষ ৰেলৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰেল নং ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ - নাহৰলগুন - ছেকেন্দ্ৰাবাদ) আৰু ০
ভাৰতীয় ৰেল


গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, ফেব্ৰুৱাৰী - মাৰ্চ ২০২৬ বৰ্যৰ সময়ছোৱাত চাৰি যোৰ হোলী বিশেষ ৰেলৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰেল নং ০৭০৪৬/০৭০৪৭ (ছেকেন্দ্ৰাবাদ - নাহৰলগুন - ছেকেন্দ্ৰাবাদ) আৰু ০৩১২৯/০৩১৩০ (কলিকতা টাৰ্মিনেল - নিউ জলপাইগুড়ী - কলিকতা টাৰ্মিনেল) উভয় দিশতে এটা অতিৰিক্ত ট্ৰিপৰ বাবে চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

ৰেল নং ০৯১৮৯/০৯১৯০ (মুম্বাই চেন্ট্ৰেল - কাটিহাৰ - মুম্বাই চেন্ট্ৰেল) প্ৰতিটো দিশতে ছটা (০৬)অতিৰিক্ত ট্ৰিপৰ বাবেআৰু সাপ্তাহিক বিশেষ ট্ৰেন নং ০৪৬১৪/০৪৬১৩ (অমৃতচৰ - কাটিহাৰ - অমৃতচৰ) উভয় দিশতে তিনিটা (০৩) অতিৰিক্ত ট্ৰিপৰ বাবে চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই ৰেলসমূহ বিদ্যমান সেৱা, সময়সূচী, সময়, গঠন আৰু ষ্টপেজৰ সৈতে চলিব।

ৰেল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ – নাহৰলগুন) সাপ্তাহিক বিশেষ ৰেলখন ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে চলাচল কৰিবলৈ সম্প্ৰসাৰিত কৰা হৈছে, আৰু উভতনি যাত্ৰাত ৰেল নং ০৭০৪৭ (নাহৰলগুন – ছেকেন্দ্ৰাবাদ) সাপ্তাহিক বিশেষ ৰেলখন ০২ মাৰ্চ, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে। একেদৰে, ৰেল নং ০৩১২৯ (কলিকতা টাৰ্মিনেল - নিউ জলপাইগুড়ী) সাপ্তাহিক বিশেষ ৰেলখন ২৮ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে।

উভতনি যাত্ৰাত ৰেল নং ০৩১৩০ (নিউ জলপাইগুড়ী - কলিকতা টাৰ্মিনেল) সাপ্তাহিক বিশেষ ৰেলখন ০১ মাৰ্চ, ২০২৬ তাৰিখে চলাচলৰ বাবে বৃদ্ধি কৰা হৈছে।

আনহাতে, ২১ ফেব্ৰুৱাৰীৰ পৰা চলাচল কৰি থকা ৰেল নং. ০৯১৮৯ (মুম্বাই চেন্ট্ৰেল – কাটিহাৰ) প্ৰতি শনিবাৰে ২৮ মাৰ্চ, ২০২৬ লৈকে চলাচল কৰি থাকিব। উভতনি যাত্ৰাত ৰেল নং ০৯১৯০ (কাটিহাৰ – মুম্বাই চেন্ট্ৰেল) সাপ্তাহিক বিশেষ ৰেলখন ২৪ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ, ২০২৬ লৈকে প্ৰতি মংগলবাৰে চলাচল কৰিবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ইয়াৰ লগতে, ৰেল নং ০৪৬১৪ (অমৃতচৰ - কাটিহাৰ) সাপ্তাহিক বিশেষ ৰেলখন ২৫ ফেব্ৰুৱাৰীৰ পৰা ০৫ মাৰ্চ, ২০২৬ লৈকে প্ৰতি বুধবাৰে চলাচল কৰিবলৈ বৃদ্ধি কৰা হৈছে। উভতনি যাত্ৰাত ৰেল নং ০৪৬১৩ (কাটিহাৰ - অমৃতচৰ) সাপ্তাহিক বিশেষ ২৭ ফেব্ৰুৱাৰীৰ পৰা ০৭ মাৰ্চ, ২০২৬ লৈকে প্ৰতি শুক্ৰবাৰে চলাচল কৰিবলৈ বৃদ্ধি কৰা হৈছে।

এই ৰেলসেৱাসমূহৰ বৃদ্ধিয়ে এই ৰেলপথসমূহত চলাচল কৰা অন্যান্য ৰেলত ৱেইটলিষ্ট যাত্ৰীসকলক উপকৃত কৰিব। ই উত্তৰ-পূৱ, পূৰ্বাঞ্চল আৰু উত্তৰাঞ্চলৰ মাজত সংযোগ অধিক শক্তিশালী কৰি সুগম যাত্ৰা নিশ্চিত কৰাৰ লগতে আঞ্চলিক একত্ৰিতকৰণ আৰু উন্নয়নত সহায় আগবঢ়াব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande