কামলৈ উভতিল ৰাজপাল যাদৱ
চেক বাউন্স গোচৰত জেলৰ পৰা মুক্তি পোৱাৰ পিছত পুনৰ কৰ্মৰত অভিনেতা ৰাজপাল যাদৱ। তেওঁৰ দলটোৱে ঘোষণা কৰিছে যে তেওঁ অক্ষয় কুমাৰৰ আগন্তুক ছবি “ৱেলকাম টু দ্য জংগল”ৰ শ্বুটিং আৰম্ভ কৰিছে। ২৮ ফেব্ৰুৱাৰীতো সংবাদমেল অনুষ্ঠিত কৰিব অভিনেতাগৰাকীয়ে। সম্প্ৰতি মুম
राजपाल यादव - फोटो सोर्स एक्स


চেক বাউন্স গোচৰত জেলৰ পৰা মুক্তি পোৱাৰ পিছত পুনৰ কৰ্মৰত অভিনেতা ৰাজপাল যাদৱ। তেওঁৰ দলটোৱে ঘোষণা কৰিছে যে তেওঁ অক্ষয় কুমাৰৰ আগন্তুক ছবি “ৱেলকাম টু দ্য জংগল”ৰ শ্বুটিং আৰম্ভ কৰিছে। ২৮ ফেব্ৰুৱাৰীতো সংবাদমেল অনুষ্ঠিত কৰিব অভিনেতাগৰাকীয়ে।

সম্প্ৰতি মুম্বাইত থকা ৰাজপাল যাদৱ লগে লগে শ্বুটিং আৰম্ভ কৰে। মুক্তিৰ পিছদিনা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ নিজৰ ঘৰলৈ যায়। অভিনেতাজনে কয় যে তেওঁ ভতিজীৰ বিয়াৰ বাবে আদালতত জামিনৰ আবেদন দাখিল কৰিছিল। বিয়াখনৰ পৰা ৰাজপালৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে তেওঁৰ অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি হয়।

ৱেলকাম টু দ্য জংগল ছবিখনত অক্ষয় কুমাৰ, সুনীল শ্বেট্টী, জেকলিন ফাৰ্নাণ্ডেজ, দিশা পাটানি, ৰবীনা টেণ্ডন, জেকী শ্ৰফ, জনী লিভাৰ, আৰ্ছাদ ৱাৰ্ছি, ৰাজপাল যাদৱ, পৰেশ ৰাৱালকে ধৰি ৩০ জনতকৈ অধিক অভিনেতাই অভিনয় কৰিছে। ৱেলকাম ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তিৰ ছবিখনৰ পৰিচালনা আহমেদ খান। ২০২৬ চনৰ ২৬ জুনত ছবিখন ছবিগৃহত মুক্তি পাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande