ধুবুৰী আৰক্ষীৰ অভিযানত ব্ৰাউন ছুগাৰসহ আটক এজন সৰবৰাহকাৰী
ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ আটক এজন সৰবৰাহকাৰী । ৯৫ টাকৈ কণ্টেইনাৰত ৯৪.২৭ গ্ৰামৰ বৃহৎ ব্ৰাউন সুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে। যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত ধুবুৰী কলেজ নগৰ আৰক্
ধুবুৰী আৰক্ষীৰ অভিযানত ব্ৰাউন ছুগাৰসহ আটক এজন সৰবৰাহকাৰী


ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ আটক এজন সৰবৰাহকাৰী । ৯৫ টাকৈ কণ্টেইনাৰত ৯৪.২৭ গ্ৰামৰ বৃহৎ ব্ৰাউন সুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে।

যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত ধুবুৰী কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ঝাগ্ৰাৰপাৰ প্ৰথম খণ্ড অঞ্চলত অভিযান চলায়। অভিযানত ৰছিদ হুছেইন প্ৰধানীৰ ঘৰৰ পৰা ৯৫ টা কণ্টেইনাৰত বৃহৎ পৰিমানৰ অবৈধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰক্ষীয়ে ইতিমধ্যে ৰছিদ হুছেইন প্ৰধানীক আটক কৰি ধুবুৰী থানা লৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা যায় l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande