
লণ্ডনৰ সন্মানীয় ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত হোৱা ৭৯ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম বঁটা প্ৰদান অনুষ্ঠানত গভীৰভাৱে মন চুই যোৱা মুহূৰ্তৰ সাক্ষী হৈছিল। ভাৰতীয় চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰকে ধৰি মৃত্যু হোৱা চিনেমা কিংবদন্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
এই বিশেষ খণ্ডটোৱে দৰ্শকৰ বাবে গভীৰভাৱে আৱেগিক কৰি তুলিছিল। প্ৰখ্যাত গায়িকা জেছি ৱেৰে মঞ্চত বাৰ্ব্ৰা ষ্ট্ৰেইছণ্ডৰ চিনাকি গীত দ্য ৱে উই ৱেৰ গাই বিদায়ী তাৰকাসকলক সংগীতৰ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’ উপস্থাপন কৰা হয়, য’ত ২০২৫ চনত মৃত্যু হোৱা কেইবাজনো আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ ফটো আৰু নাম প্ৰদৰ্শিত কৰা হয়। ধৰ্মেন্দ্ৰক জিন হেকমেন, ৰবাৰ্ট ডুভাল আৰু ভেল কিলমাৰ আদিৰ সৈতে স্মৰণ কৰা হয়। বিশ্বব্যাপী মঞ্চত এই কিংবদন্তি ভাৰতীয় চিনেমাৰ আইকনগৰাকীক দিয়া শ্ৰদ্ধাঞ্জলিয়ে অনুৰাগীসকলক আৱেগিক কৰি তুলিছিল।
এই মুহূৰ্তৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰি লিখিছে যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ধৰ্মেন্দ্ৰক সন্মান জনোৱাটো গৌৰৱৰ বিষয়। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বাফটাত ধৰ্মেন্দ্ৰ জীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল, সেয়া আছিল অতি আৱেগিক মুহূৰ্ত। আন এজনে ক'লে, তেওঁক এইদৰে মনত পেলোৱাটো হৃদয়স্পৰ্শী।
মন কৰিবলগীয়া যে ২০২৫ চনৰ ২৪ নৱেম্বৰত, ৮৯ বছৰ বয়সত ধৰ্মেন্দ্ৰৰ মৃত্যু হয় । ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া