
শিৱসাগৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসমীয়া যুৱ মঞ্চ ।নাজিৰা সমজিলাত দিনক দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছ সেৱনকাৰী যুৱক যুৱতীৰ সংখ্যা। অসম আৰক্ষীয়ে নৱ প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ কাৰণে বিভিন্ন ধৰণৰ সজাগতা সভাৰ লগতে আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও আজি পৰ্যন্ত সমাজ খনক ড্ৰাগছ মুক্ত কৰিব পৰা নাই।
সেয়েহে আজি অসমীয়া যুৱ মঞ্চ, নাজিৰা আঞ্চলিক সমিতিয়ে নাজিৰা অঞ্চলতো ড্ৰাগছ মুক্ত কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে আৰক্ষীক অভিযান তীব্ৰতৰ কৰি অবৈধ ড্ৰাগছৰ লগত জড়িত অসাধু ব্যৱসায়ী সকলক পুলি পোখাৰে উৎখাত কৰি কঠোৰ শাস্তি মূলক আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে নাজিৰা সমজিলা আয়ুক্তৰ যোগেদি অসমৰ মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু