
ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ধুবুৰীৰ মূল বজাৰতে চোৰৰ ছাফাই অভিযান। ধুবুৰীৰ ৫ নং ৱাৰ্ডত থকা শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকানত মাজ নিশা চোৰে চলালে লুটপাট।
লক্ষাধিক টকাৰ কাঁহ-পিতলৰ বাচন দোকান খনৰ পৰা চোৰে চুৰি কৰি লৈ যায়। চহৰ খনৰ শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকান খনৰ গৰাকী বৃন্দাবন চন্দ্ৰ পালে ক্ষোভ উজাৰি কয় যে অতি ব্যস্ততাপূৰ্ণ বজাৰ খনত নাছিল নৈশ চকীদাৰৰ পহৰাৰ ব্যৱস্থা।
স্থানীয় ৰাইজৰ অভিযোগ ধুবুৰী আৰক্ষীয়ে চহৰ খনত নিশা নকৰে টহল অভিযান। স্থানীয় ৰাইজে অতি শীঘ্ৰে গভাইত চোৰক কৰায়ত্ত কৰি উছিত শাস্তি বিহাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা