
লখিমপুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ভূপেন বৰাৰ বিজেপিত যোগদানৰ পাছতে বিহপুৰীয়া বিজেপিত তীব্ৰ গৰাখহনীয়া।
ভূপেন বৰা বিজেপি গমনৰ পিছতে বিজেপি-অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে দুই শতাধিক নেতা-কৰ্মী।
নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী।
আগন্তুক বিধান সভা নিৰ্বাচনত বিহপুৰীয়া কংগ্ৰেছৰ টিকট প্ৰত্যাশী নাৰায়ণ(ৰাম) ভূঞাৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু