কলগাছিয়াৰ তাৰাকান্দী আঞ্চলিক বজাৰ পৰা ডোবাচৰী বজাৰ সংযোগী পথত দলং নিৰ্মাণত ব্যাপক অনিয়ম
দলং নিৰ্মাণ বাধা প্ৰদান ৰাইজৰ।
কলগাছিয়াৰ তাৰাকান্দী আঞ্চলিক বজাৰ পৰা ডোবাচৰী বজাৰ সংযোগী পথত দলং নিৰ্মাণত ব্যাপক অনিয়ম


বৰপেটা, ২৩ ফেব্ৰুৱাৰী (হি.স.): পূৰ্বৰ বাঘবৰ সমষ্টিৰ আৰু বৰ্তমানৰ নৱগঠিত মন্দিয়া সমষ্টিৰ তাৰাকান্দি আঞ্চলিক বজাৰৰ পৰা ডুবাচুৰিলৈ যোৱা বিশ্ব বেংক আঁচনিৰ অধীনত পকী দলং নিৰ্মাণ কাৰ্য্য চলি থকা ব্যাপক অনিয়ম আৰু দূৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে দলং নিৰ্মাণ বাধা প্ৰদান কৰে ৰাইজে। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কামৰ শুভাৰম্ভ কৰাৰ পিছৰ পৰাই অভিযন্তা অবিহনে ঠিকাদাৰৰ মহৰীৰ জড়িয়তে নিৰ্মাণ কাম চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বিভাগীয় অভিযন্তা অবিহনে নিম্নমানৰ চিমেন্ট বালি শিলৰ ব্যৱহাৰ কৰাৰ লগতে খুটিৰ কামত ৰড ব্যৱহাৰ কৰিছে যদিও কোনো জ্বালাই, গুণাৰ বান্ধ নিদিয়াকৈ এটা স্থানৰ পৰা আন এটা স্থানলৈ ৰড বেকা কৰি স্থাপন কৰি চলাই আছে দলংখনৰ নিৰ্মাণ কাম।বিধায়ক শ্বেৰমান আলীৰ হস্তক্ষেপত দূৰ্নীতিৰ সন্ধেহ কৰিছে ৰাইজে। ইফালে বিধায়ক শ্বেৰমান আলীয়ে কাম ভাল হোৱাৰ প্ৰতিশ্ৰুতি দিলে আধাতে সেই কাম সামৰাৰ নজিৰ থকাৰ বাবে দলংখনৰ কামো আধাতে সামৰিব নেকি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজে।

সাংবাদিকৰ আগমনত দায়িত্বত থকা মহৰী জন পলাই পত্ৰং দিয়ে। উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষই অতিশীঘ্ৰে কাম আৰম্ভ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande