ধুবুৰীৰ ঢাকাইয়া পট্টি ৰোড স্থিত দোকানত চুৰি কাণ্ড
ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পুনৰ ধুবুৰী চহৰত চুৰি কাণ্ড। এইবাৰ ধুবুৰীৰ ঢাকাইয়া পট্টি ডি ডি ৰোডত বৃন্দাবন চন্দ্ৰ পালৰ বাচন বৰ্তনৰ দোকানত চুৰি কাণ্ড সংঘটিত হৈছে। প্ৰায় লক্ষাধিক টকাৰ বয় বস্তু চুৰি হৈছে বুলি জানিব পৰা গৈছে। আজি পুৱাই প্ৰত্যক্ষ কৰে
ধুবুৰীৰ ঢাকাইয়া পট্টি ৰোড স্থিত দোকানত চুৰি কাণ্ড


ধুবুৰী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পুনৰ ধুবুৰী চহৰত চুৰি কাণ্ড। এইবাৰ ধুবুৰীৰ ঢাকাইয়া পট্টি ডি ডি ৰোডত বৃন্দাবন চন্দ্ৰ পালৰ বাচন বৰ্তনৰ দোকানত চুৰি কাণ্ড সংঘটিত হৈছে। প্ৰায় লক্ষাধিক টকাৰ বয় বস্তু চুৰি হৈছে বুলি জানিব পৰা গৈছে। আজি পুৱাই প্ৰত্যক্ষ কৰে যে দোকান খন লণ্ডভণ্ড কৰা অৱস্থাত আছে। তাৰ পাছতেই ধুবুৰী আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো এগৰাকী চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই। ধুবুৰীত সঘনাই চুৰিকাণ্ডৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। ধুবুৰীত আৰক্ষী প্ৰশাসন আছে নে নাই তাকলৈ চলিছে ব্যাপক প্ৰতিক্ৰিয়া। তীৰ,জুৱা ড্ৰাগছ চোৰৰ উপদ্ৰৱ সকলো ঠাইতে ধুবুৰী আৰক্ষী ব্যৰ্থ হোৱা বুলি একাংশ সচেতন লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande