
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত স্পট ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে। এই হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ বিভিন্ন বুলিয়ন বজাৰত প্ৰতি কিলোগ্ৰাম ২,৭৪,৭০০ ₹ৰ পৰা ২,৯০,১০০ ₹ ৰ ভিতৰত ৰূপ বিক্ৰী কৰা হৈছে।
দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২,৭৪,৯০০ ₹। একেদৰে মুম্বাই, আহমেদাবাদ, আৰু কলকাতাতো ৰূপৰ মূল্য ২,৭৪,৭০০ ₹। জয়পুৰ, চুৰাট, আৰু পুনেত ৰূপৰ মূল্য ২,৭৫,০০০ ₹ প্ৰতি কিলোগ্ৰামত আছে।
বেংগালুৰুত ৰূপৰ মূল্য ২,৭৫,২০০₹ আৰু পাটনা আৰু ভুৱনেশ্বৰত প্ৰতি কিলোগ্ৰাম ২,৭৪,৮০০₹। ইয়াৰ উপৰিও হায়দৰাবাদত প্ৰতি কিলোগ্ৰাম ৰূপৰ বিক্ৰী হৈছে ২ লাখ ৯০ হাজাৰ ₹। দেশৰ ভিতৰতে ৰূপৰ সৰ্বোচ্চ মূল্য চেন্নাইত, য’ত আজি এই চিকচিকিয়া ধাতুৰ মূল্য ২৯০,১০০ ₹ প্ৰতি কিলোগ্ৰাম।
বজাৰ বিশেষজ্ঞ মায়ংক মোহনে কয় যে বিশ্বৰ অস্থিৰতাৰ বাবে সোণ-ৰূপৰ দাম অহৰহ উঠা-নমা কৰি আছে। গতিকে বিনিয়োগকাৰীসকলে নিজৰ বিনিয়োগৰ পৰিকল্পনাত সতৰ্ক হ’ব লাগে। বজাৰৰ এই অস্থিৰ পৰিৱেশত এটা সৰু ভুলৰ ফলতো বিনিয়োগকাৰীৰ লোকচান হ’ব পাৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia