
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ভূমি পট্টা প্ৰদানৰ দাবীকে ধৰি চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত পুৱাই চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ বিশেষকৈ বাগিচাৰ ভূমি চাহ শ্ৰমিকক প্ৰদানৰ ক্ষেত্ৰত বাগিচাৰ মালিক পক্ষই বিৰোধিতা কৰাৰ বাবেই এই প্ৰতিবাদ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত ডিফলু চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত চাহ জনজাতি মহিলা সমিতি আৰু চাহ শ্ৰমিকৰ সহযোগত বোকাখাত ডিফলু চাহ বাগিচাত সোমবাৰে পুৱাই প্ৰতিবাদ মুখৰ হৈ পৰে চাহ শ্ৰমিক সকল ৷
ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতেই বাগিচা সমূহত ভূমি জৰিপৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু টাটা কোম্পানীৰ অধীনৰ এপিপিএলৰ দ্বাৰা পৰিচালিত বোকাখাতৰ ডিফলু চাহ বাগিচা কতৃপক্ষই ভূমি জৰিপত বাধা আৰোপ কৰাত ভূমি আবন্টনৰ পৰা বঞ্চিত হোৱাৰ আশংকা বাগিচা খনৰ শ্ৰমিক সকলৰ ৷ তাৰবাবেই সোমবাৰে পুৱাই প্ৰতিবাদমুখৰ হৈ পৰে ডিফলু চাহ বাগিচাৰ শ্ৰমিকসকল ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা