
শিৱসাগৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। দিখৌমুখ আৰু ৰূপহীমুখত শতাধিক লোকৰ বিজেপিত যোগদান l
ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত দিখৌমুখ আৰু ৰূপহীমুখত আজি এক বিশেষ যোগদান কাৰ্যসূচী সম্পন্ন হয়। দিখৌমুখ পঞ্চায়তৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।
বিজেপিৰ ৰংপুৰ মণ্ডলৰ সভাপতি সূৰ্য কাগয়ুংৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবাজনো জ্যেষ্ঠ দলীয় নেতা উপস্থিত থাকে। যোগদান কাৰ্যসূচীত বিশেষভাৱে অংশগ্ৰহণ কৰেঃজিলা সভাপতি- বিতোপন ৰাইদঙীয়া,কাৰ্য্যনিৰ্বাহক সদস্য-মানস সন্দিকৈ, সমীৰ গগৈ, দিখৌমুখ পঞ্চায়তৰ সভানেত্ৰী- প্ৰণিমা সাউদ,ৰংপুৰ মণ্ডলৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি-হেমন্ত টায়ে। অনুষ্ঠানত সক্ৰিয় বিজেপি কাৰ্যকৰ্তা হীৰেন দত্তকে ধৰি অন্যান্য নেতাসকলে দলীয় আদৰ্শ আৰু জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজৰ আগত বক্তব্য দাঙি ধৰে। এই যোগদান কাৰ্যসূচীৰ ফলত অঞ্চলটোত বিজেপিৰ সাংগঠনিক শক্তি অধিক বৃদ্ধি পাব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু