দেৰগাঁৱত ৰাইজে আটক কৰে দুই বাইক চোৰক
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। দেৰগাঁৱত ৰাইজে আটক কৰে দুই বাইক চোৰক। বাইক চোৰ দুজনক আঠু কঢ়াই উত্তম-মধ্যম সোধাই ৰাইজে। দুই অনা-অসমীয়া বাইক চোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল দেৰগাঁৱত। চাহিল খান নামৰ এজন যুৱকৰ কিছুদিন পূৰ্বে চুৰি হৈছিল এখন বাইক। চিচি
দেৰগাঁৱত ৰাইজে আটক কৰে দুই বাইক চোৰক


গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। দেৰগাঁৱত ৰাইজে আটক কৰে দুই বাইক চোৰক। বাইক চোৰ দুজনক আঠু কঢ়াই উত্তম-মধ্যম সোধাই ৰাইজে।

দুই অনা-অসমীয়া বাইক চোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল দেৰগাঁৱত। চাহিল খান নামৰ এজন যুৱকৰ কিছুদিন পূৰ্বে চুৰি হৈছিল এখন বাইক।

চিচিটিভিত স্পষ্ট হৈছিল চোৰ দুজনৰ চেহেৰা।

আজি চোৰ কেইজনক প্ৰত্যক্ষ কৰি লাহতি চাৰিআলিত কৰায়ত্ত কৰে যুৱকজনে ।ঘটনাস্থলীত একাংশ ৰাইজ উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।

চোৰ কেইজনৰ পৰা উদ্ধাৰ হয় চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা একাংশ সামগ্ৰী। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰি লৈ যায় চোৰ কেইজনক।

দেৰগাঁৱত দৈনিক বৃদ্ধি হৈছে চোৰৰ সন্ত্ৰাস, আনহাতে আৰক্ষীৰ নাই কোনো গুৰুত্ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande