অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ পাটনাত বিহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মহাপৰিদৰ্শক এম সুনীল নায়কৰ বাসগৃহত অভিযান
পাটনা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বিহাৰৰ ৰাজধানী পাটনাত অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ এটা দলে সোমবাৰে পুৱা বিহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মহাপৰিদৰ্শক (আই জি) এম সুনীল কুমাৰ নায়কৰ চৰকাৰী বাসগৃহত অভিযান চলায়। শাস্ত্ৰী নগৰ আৰক্ষী থানা এলেকাত থকা তেওঁৰ চৰকাৰী বাসগৃ
आईजी सुनील कुमार के आवास पर अंध्रा पुलिस के साथ बिहार पुलिस की टीम


পাটনা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বিহাৰৰ ৰাজধানী পাটনাত অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ এটা দলে সোমবাৰে পুৱা বিহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মহাপৰিদৰ্শক (আই জি) এম সুনীল কুমাৰ নায়কৰ চৰকাৰী বাসগৃহত অভিযান চলায়। শাস্ত্ৰী নগৰ আৰক্ষী থানা এলেকাত থকা তেওঁৰ চৰকাৰী বাসগৃহত উপস্থিত হোৱা দলটোৱে কেইবা ঘণ্টা ধৰি তেওঁক জেৰা কৰে। স্থানীয় আৰক্ষী বাহিনীও ঘটনাস্থলীত মোতায়েন কৰা হৈছে, আৰু সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

এই সমগ্ৰ গোচৰটো অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ নৰসপুৰমৰ সৈতে জড়িত। ২০২১ চনত প্ৰাক্তন সাংসদ ৰঘুৰাম কৃষ্ণ ৰাজুক গ্ৰেপ্তাৰৰ সময়ত জিম্মাত থকা অৱস্থাত আক্ৰমণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত এম সুনীল নায়ক অন্ধ্ৰ প্ৰদেশৰ চি আই ডিত পদবীত আছিল।

ৰঘুৰাম কৃষ্ণ ৰাজুৱে অভিযোগ কৰিছিল যে তেওঁক গ্ৰেপ্তাৰ তেতিয়াৰ চি আই ডি ডি আই জি এম সুনীল নায়কৰ নিৰ্দেশ অনুসৰি কৰা হৈছিল আৰু তেওঁক জিম্মাত ৰখাৰ দৰে নিৰ্যাতনৰ বলি হৈছিল। এই বিষয়ত নগাৰাম পোলাম থানাত এজাহাৰ দাখিল কৰা হয়।

জানিব পৰা মতে, আদালতৰ নিৰ্দেশৰ পিছতে সুনীল কুমাৰ নায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। পিছত জামিন বাতিল হ’লে তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেৰে পাটনাত উপস্থিত হৈছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ এটা দল। সম্প্ৰতি তেওঁক জেৰা অব্যাহত আছে।

অভিযানৰ সময়ত পাটনাৰ কেন্দ্ৰীয় আৰক্ষী অধীক্ষক, সচিবালয় এছডিপিঅ’-২, আৰু স্থানীয় আৰক্ষী বাহিনী উপস্থিত থাকে। আই জিৰ চৰকাৰী বাসগৃহৰ বাহিৰত বহু সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। অঞ্চলটোত জনসাধাৰণৰ গতিবিধিও নিৰীক্ষণ কৰা হৈছে।

মন কৰিবলগীয়া যে ২০১৯ চনত এম সুনীল নায়কে অন্ধ্ৰপ্ৰদেশলৈ ডেপুটেচনত গৈছিল আৰু তাত প্ৰায় তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেলেগু দেশম পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পিছত তেওঁ বিহাৰলৈ উভতি আহে।বিহাৰ কেডাৰৰ ২০০৫ বেচৰ আই পি এছ বিষয়া আৰু বৰ্তমান বিহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ আই জি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

চৰকাৰী সূত্ৰ অনুসৰি অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ দলটোৱে বাসগৃহটোৰ সৈতে জড়িত নথি-পত্ৰ আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰি আছে। গ্ৰেপ্তাৰ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। এই গোচৰত অধিক আইনী প্ৰক্ৰিয়া আৰু আৰক্ষীৰ ব্যৱস্থাৰ ওপৰত সকলোৱে চকু ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande