কেন্দ্ৰৰ অন্ধ্ৰ প্ৰদেশত ইণ্টাৰনেটৰ ব্যৱহাৰ শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ সৈতে চুক্তি স্বাক্ষৰ, ২,৪৩২ কোটি ₹ৰ অনুমোদন
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ গ্ৰাম্য দূৰসংযোগৰ আন্তঃগাঁথনি শক্তিশালী আৰু উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ৰাজ্যৰ গ্ৰাম্য দূৰসংযোগ আন্তঃগাঁথনি শক্তিশালী আৰু উন্নীতকৰণৰ বাবে কেন্দ্ৰই ২,৪
भारतनेट संशोधित कार्यक्रम पर सहयोग ज्ञापन पर हस्ताक्षर करते आंध्र प्रदेश सरकार और डिजिटल भारत निधि के अधिकारी। साथ में केंद्रीय संचार मंत्री ज्योतिरादित्य सिंधिया और आंध्र प्रदेश में मुख्यमंत्री एन चंद्रबाबू नायडू


নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ গ্ৰাম্য দূৰসংযোগৰ আন্তঃগাঁথনি শক্তিশালী আৰু উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ৰাজ্যৰ গ্ৰাম্য দূৰসংযোগ আন্তঃগাঁথনি শক্তিশালী আৰু উন্নীতকৰণৰ বাবে কেন্দ্ৰই ২,৪৩২ কোটি টকাৰ অনুমোদন জনাইছে।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতনেট সংশোধিত কাৰ্যসূচী ক্ষিপ্ৰতাৰে ৰূপায়ণৰ বাবে ডিজিটেল ইণ্ডিয়া ফাণ্ড আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মাজত দেওবাৰে তাদেপল্লে (গুন্টুৰ)স্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজ্যিক মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম চিণ্ডিয়া, আৰু ৰাজ্যিক মন্ত্ৰী ফৰ... যোগাযোগ ড° পেম্মাছানি চন্দ্ৰশেখৰ। ডিজিটেল ইণ্ডিয়া ফাণ্ডৰ প্ৰশাসক শ্যামল মিশ্ৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বিশেষ মুখ্য সচিব (আন্তঃগাঁথনি আৰু বিনিয়োগ বিভাগ) ম’ভা তিৰুমালা কৃষ্ণ বাবুৱে স্বাক্ষৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই উল্লেখ কৰে যে সংশোধিত ভাৰতনেট কাৰ্যসূচী ₹১.৩৯ লাখ কোটি ৰাজহুৱা পুঁজিৰে নিৰ্মাণ কৰা আঁচনি যিয়ে দেশৰ প্ৰতিখন গাঁৱত ফাইবাৰ আৰু ব্ৰডবেণ্ড প্ৰদান কৰাৰ লক্ষ্য লৈছে। তেওঁ ইয়াক প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ বুলি অভিহিত কৰে। ৰাজ্যিক মন্ত্ৰী ড০ চন্দ্ৰ শেখৰে উল্লেখ কৰে যে এই চুক্তিৰ জৰিয়তে গ্ৰামাঞ্চলত শেষ মাইল সংযোগ শক্তিশালী হ’ব আৰু ৰাইজক সুলভ মূল্যৰ আৰু নিৰ্ভৰযোগ্য ডিজিটেল সেৱা প্ৰদান কৰা হ’ব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নাইডুৱে ইয়াক ৰাজ্যখনৰ ডিজিটেল ৰূপান্তৰ যাত্ৰাৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে ইয়াৰ দ্বাৰা শিক্ষা, স্বাস্থ্য, আৰু ই-গভৰ্নেন্স সেৱাৰ উন্নতি ঘটিব। উল্লেখযোগ্য যে সংশোধিত ভাৰতনেট কাৰ্যসূচীৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ ১৩,৪২৬ খন গ্ৰাম পঞ্চায়ত সংযোগ কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৬৯২ খন গ্ৰাম পঞ্চায়ত উন্নীতকৰণ, দ্বিতীয় পৰ্যায়ত ১১,২৫৪ খন গ্ৰাম পঞ্চায়ত সংযোজন, ৪৮০ খন নতুন গাঁও পঞ্চায়ত সংযোজন আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ৩,৯৪২ খন গাঁৱত অন-ডিমাণ্ড সংযোগৰ ব্যৱস্থা কৰা হ’ব। এই পদক্ষেপে ৫ লাখৰো অধিক গ্ৰাম্য পৰিয়ালক ফাইবাৰ সংযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande