বাংলাদেশৰ সশস্ত্ৰ বাহিনী সংমণ্ডলৰ পি এছ অ’ হিচাপে লেফটেনেণ্ট জেনেৰেল মুছফিকুৰ ৰহমানৰ দায়িত্ব গ্ৰহণ
ঢাকা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশৰ লেফটেনেণ্ট জেনেৰেল মীৰ মুশফিকুৰ ৰহমানে আজি আৰ্মড ফৰ্ছেছ ডিভিছন (এএফডি)ৰ প্ৰিন্সিপাল ষ্টাফ অফিচাৰ (পিএছঅ’)ৰ পদত দায়িত্ব গ্রহণ কৰিছে। প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে তেওঁক লেফটেনেণ্ট জেনেৰেল ৰেংকৰ বেজ প্রদান কৰিছে।
c419b06b4c6579b50ff05adb3b8424f1_234132721.jpg

ঢাকা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশৰ লেফটেনেণ্ট জেনেৰেল মীৰ মুশফিকুৰ ৰহমানে আজি আৰ্মড ফৰ্ছেছ ডিভিছন (এএফডি)ৰ প্ৰিন্সিপাল ষ্টাফ অফিচাৰ (পিএছঅ’)ৰ পদত দায়িত্ব গ্রহণ কৰিছে। প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে তেওঁক লেফটেনেণ্ট জেনেৰেল ৰেংকৰ বেজ প্রদান কৰিছে।

বাংলাদেশৰ চৰকাৰী সংবাদ সংস্থা বি এছ এছে প্ৰকাশ কৰা অনুসৰি এই উপলক্ষে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামান, নৌসেনাৰ মুৰব্বী এডমিৰেল এম নাজমুল হাছান, আৰু বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল হাছান মাহমুদ খান উপস্থিত থাকে।

লেফটেনেণ্ট জেনেৰেল মিৰ মুছফিকুৰ ৰহমানে ১৯৯১ চনৰ ২১ জুনত বাংলাদেশ সেনাবাহিনীত কৰ্পছ অৱ ইনফেণ্ট্ৰিত নিযুক্তি লাভ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande