অসমত অৰ্থডক্স চাহৰ ৰাজ সাহায্য প্ৰতি কিলোগ্ৰামত ১০ ৰ পৰা ১৫ টকালৈ বৃদ্ধি
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অৰ্থডক্স চাহত ৰাজ্য চৰকাৰৰ দিয়া ৰাজ সাহায্য (ছাবছিডী) প্রতি কিলোগ্ৰামত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি তেওঁৰ ছ’চিয়েল মিডিয়াৰ বাৰ্তাত
The image shared by Assam CM Dr Himanta Biswa Sarma


গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অৰ্থডক্স চাহত ৰাজ্য চৰকাৰৰ দিয়া ৰাজ সাহায্য (ছাবছিডী) প্রতি কিলোগ্ৰামত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীয়ে আজি তেওঁৰ ছ’চিয়েল মিডিয়াৰ বাৰ্তাত কয় যে এই বছৰ অসমৰ চাহৰ অভিলেখ উৎপাদন আৰু ৰপ্তানীৰ পাছত চৰকাৰে চাহ উদ্যোগক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ জনাইছিল যে এই পদক্ষেপ অৰ্থ'ডক্স চাহৰ উৎপাদন আগবঢ়োৱা আৰু উদ্যোগক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে।

তেওঁ আশা প্ৰকাশ কৰে যে এই সিদ্ধান্তই চাহ উদ্যোগৰ সৈতে জড়িত উদ্যোগপতিসকলৰ লগতে ৰাজ্যৰ চাহ শ্ৰমিক ভাই-ভনীসকলৰ বাবে যথেষ্ট সকাহ আৰু আনন্দ কঢ়িয়াই আনিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande