খুমটাইত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। খুমটাইত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ। খুমটাই আৰক্ষী চকীৰ সন্মুখত আটছাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ৷ খুমটাইত সংঘটিত হোৱা মৰেল পুলিছিঙৰ ঘটনাৰ দোষীক ৰক্ষণাবেক্
খুমটাইত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ


গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। খুমটাইত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আটছাৰ তীব্ৰ প্ৰতিবাদ। খুমটাই আৰক্ষী চকীৰ সন্মুখত আটছাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ৷ খুমটাইত সংঘটিত হোৱা মৰেল পুলিছিঙৰ ঘটনাৰ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত এই প্ৰতিবাদ।

খুমটাই আৰক্ষী মুৰ্দাবাদ,খুমটাই আৰক্ষী হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰিলে সংগঠনটোয়ে। খুমটাই আৰক্ষী চকীৰ ভিতৰত খান উপাধিৰ এজন ব্যক্তিয়ে কিশোৰ জনক প্ৰহাৰ কৰাৰ অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ ভিতৰতে আৰক্ষীয়ে নিৰাপত্তা দিব নোৱাৰা কাৰ্যক গৰিহণা প্ৰতিবাদকাৰীৰ। খুমটাই আৰক্ষী চকীৰ বিষয়া,কনিষ্টবল সকলোকে নিলম্বন কৰিবলৈ দাবী আটছাৰ ৷ মৰেল পুলিছিঙত জড়িত সকলোকে গ্ৰেপ্তাৰ নকৰিলে আগন্তুক দিনত জংগী আন্দোলনৰ হুংকাৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande