
শোণিতপুৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। শোণিতপুৰৰ আদাবাৰী খেলমাটিত অখন্ড পৰিণাম কীৰ্তনৰ লাই খুটা স্থাপন। শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী আদাবাৰী খেলমাটিত বিশ্ব শান্তি তথা জনকল্যানৰ্থে আয়োজন কৰা প্ৰথম বাৰ্ষিক অখন্ড পৰিণাম কীৰ্তনৰ লাই খুটা স্থাপন কৰা হয়।এই উপলক্ষে লাইখুটা স্থাপন ও পতাকা উত্তোলন কৰে জ্যেষ্ঠ নাগৰিক তথা সমাজ সেৱক মতিলাল তাতী আৰু উপেন টংলাই।
লগতে পূজা অৰ্চনা ও নাম প্ৰসংগ আদি অনুষ্ঠিত কৰা হয়। আদাবাৰী খেলমাটি বজাৰ গাৱত অহা ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ আয়োজন কৰা উক্ত নাম কীৰ্তনত অন্ঞলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও কেইবাটাও কীৰ্তন দলে নাম কীৰ্তন পৰিবেশন কৰিব বুলি উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ তাঁতী আৰু সম্পাদক ধৰম নাহাকে জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা